Home Executive Body Conferences Awareness Work CME Our Members Photo Gallery Contact Us
শিশুৰ মানসিক ৰোগ

আমাৰ সমাজত এটা সহজ বিশ্বাস আছে যে মানসিক ৰোগ মানসিক চাপৰপৰা হয়। এইটো মনোভাৱৰ বাবে বহু ব্যক্তি শিশুৰ মানসিক ৰোগ সম্বন্ধে উদাসীন হৈ ৰয়। চাৰি-পাঁচ বছৰীয়া শিশু এটাৰ কি মানসিক চাপ থাকিব পাৰে বুলি ধৰি লৈ শিশুৰ মানসিক ৰোগৰ লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ অৱস্থা এটা দেখা যায়। আকৌ ইয়াৰ সম্পূৰ্ণ বিপৰীত দিশে বহু পিতৃ-মাতৃয়ে নিজৰ শিশুৰ মাজত তেওঁলোকৰ মনোনীত আচাৰ-ব্যৱহাৰ নেদেখি মানসিক চিকিৎসকৰ ওচৰলৈ অনাও দেখা যায়। বহু সময়ত সমাজ এখনত স্বীকৃত আদৰ্শ আচাৰ-ব্যৱহাৰৰ পৰিপন্থী হ'লেই শিশুৰ কিছুমান আচৰণক মানসিক ৰোগ বুলি বহুতে ভাবি লয়। এইবোৰৰ লগত আজিৰ পিতৃ-মাতৃয়ে নিজৰ শিশুৰ লগত অইনৰ শিশুৰ তুলনা কৰিও কেতিয়াবা মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰ পায়গৈ। শিশুৰ মানসিক ৰোগৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে এনে দিশবোৰৰ বিষয়ে জানি থোৱাটো প্ৰয়োজনীয়। অন্যথা, অকল ৰোগৰ লক্ষণসমূহ জানি থ'লে তাৰ ভুল বাখ্যা হোৱাৰ শংকা নথকা নহয়।

সকলো মানসিক ৰোগৰ ক্ষেত্ৰতে প্ৰযোজ্য এটা ডাঙৰ অসুবিধা হ'ল অস্বাভাৱিক আচাৰ-ব্যৱহাৰক সংজ্ঞাবদ্ধ কৰাটো। মানুহৰ কেনেকুৱা আচৰণ স্বাভাৱিক বুলি ধৰা হ'ব, বা কোনখিনি ধৰা নহ’ব, সেই লৈ বিস্তৰ তৰ্কৰ অৱকাশ আছে। মানসিক ৰোগৰ নিদান দিয়াৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰৰ অস্বাভাৱিকতাৰ লগতে ব্যক্তিজনৰ পাৰিবাৰিক, সামাজিক আৰু পেছাদাৰী জীৱনত সেই আচাৰ-ব্যৱহাৰে কিবা ঋণাত্মক প্ৰভাৱ পেলাইছে নেকি সেইটোত গুৰুত্ব আৰোপ কৰা হয়। শিশুৰ ক্ষেত্ৰত সমস্যাটো আৰু গভীৰ হৈ দেখা দিয়ে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰত এটা নুন্যতম গড়মান পোৱাৰ অৱকাশ থাকে, কিন্তু শিশুৰ ক্ষেত্ৰত তেনে কোনো গড়মান পোৱাৰ উপায় নাই। আকৌ শিশুসকলৰ পাৰিবাৰিক, পেছাগত বা সামাজিক জীৱনৰো এটা নিৰ্দিষ্ট সংজ্ঞা নাথাকে, সেয়ে তাৰ ধনাত্মক বা ঋণাত্মক প্ৰভাৱ নিৰ্ণয় কৰাটো কঠিন। শিশুৱে নিজৰ সমস্যাবিলাক কথাৰে ব্যক্ত কৰিবলৈও প্ৰায়ে সক্ষম নহয়। সেয়ে, চিকিৎসকে পাৰিপাৰ্শ্বিক লক্ষণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰোপৰি, শিশুৰ মানসিক ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ সাৱধান হ'বলগীয়া কথাটো হ'ল, তেনে ৰোগৰ চিকিৎসাই শিশুৰ মানসিক বা শাৰীৰিক বিকাশত যাতে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো। সেয়ে, দৰৱ-পথ্য আদিৰ ব্যৱস্থা দিয়াৰ সময়ত তাৰ গুণাগুণ বিজ্ঞানসন্মত হোৱাৰ লগতে, দীৰ্ঘকালীন প্ৰভাৱ কেনে হ'ব তাৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয়। এইবোৰৰ উপৰিও কিছুমান সংস্থাৰ মতে মানসিক ৰোগৰ চিকিৎসা এক প্ৰকাৰৰ ব্যৱসায়িক চাতুৰী। এনে সংস্থাবোৰে প্ৰাপ্তবয়স্কৰ মানসিক ৰোগৰ ক্ষেত্ৰত বেছি প্ৰভাৱ নেপেলালেও, শিশুৰ ক্ষেত্ৰত তেওঁলোক বেছি প্ৰভাৱশালী। ইয়াৰ মূল কাৰণ, শিশুৱে নিজৰ সিদ্ধান্ত নিজে ল'ব নোৱাৰে, সেয়ে, পিতৃ-মাতৃয়েও তেওঁলোকে শিশুটিৰ মানসিক ৰোগৰ চিকিৎসা কৰি কোনো ভুল কৰিছে নেকি বুলি ভয় খাবলৈ বাধ্য হয়। ইয়াত উল্লেখিত প্ৰতিটো দিশেই শিশুৰ মানসিক ৰোগ নিৰ্ণয়ৰ জটিলতা আৰু চিকিৎসকৰ দোদুল্যমান অৱস্থাৰ কথা নিৰ্দেশ কৰে।

বিভিন্ন বিপৰীত মতামতৰ পাছতো এটা কথা নিৰ্দিষ্ট যে যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰেই শিশুৰো কিছুমান মানসিক ৰোগ হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰণীত 'আন্তৰাষ্ট্ৰীয় নিদান শ্ৰেণীবিভাজন -১০'-ত (ICD-10) শিশুৰ মানসিক ৰোগক তিনিটা মূল ভাগত বিভক্ত কৰা হৈছে। প্ৰতিটো ভাগৰ ভিতৰতে আৰু উপভাগ আছে। এই আলোচনাটোও এই নিদান-সংহিতাৰ আধাৰতে যুগুতোৱা হৈছে।

  • F7x মানসিক মন্থৰতা (Mental Retardation)
  • F8x মন:স্তাত্বিক বিকাশ সম্বন্ধীয় ৰোগ (Disorders of Psychological Development)
  • F9x সাধাৰণতে শিশু আৰু কৈশোৰ কালত আৰম্ভ হোৱা ব্যৱহাৰিক আৰু অনুভূতিৰ ৰোগ (Behavioural and emotional disorders with onset usually occurring in childhood and adolescence)

F 7x. মানসিক মন্থৰতা (Mental Retardation)

মানসিক মন্থৰতা বা Mental Retardation (MR) শিশুৰ মানসিক বিকাশত হোৱা বাধাপ্ৰাপ্ত অৱস্থা। এনে শিশুৰ মানসিক বিকাশ সমবয়সীয়া শিশুতকৈ মন্থৰ হয়। দহ বছৰীয়া শিশু এটাৰ আচাৰ-ব্যৱহাৰ আদি পাঁচ বছৰীয়া শিশুৰ দৰে হৈ থাকে। এই ৰোগত মানসিক বিকাশ বন্ধ হৈ নাযায়, কিন্তু যিটো স্বাভাৱিক গতিত বিকাশ হ'ব লাগে, তাতকৈ মন্থৰ হয়। এইটো কাৰণতে মই সাধাৰণতে ব্যৱহৃত মানসিক বাধাগ্ৰস্ত শব্দটোৰ সলনি মানসিক মন্থৰতা বুলি উল্লেখ কৰিছোঁ। শিশুৰ মানসিক বিকাশৰ স্তৰ বুজিবৰ বাবে Intelligence Quotient (IQ) ব্যৱহাৰ কৰা হয়।

IQ = (মানসিক বয়স/কালনুসৰি বয়স)x100
অৰ্থাৎ ওপৰৰ দহ বছৰীয়া শিশুজনৰ উদাহৰণটোত শিশুটিৰ IQ = ৫/১০x১০০=৫০

মানসিক বয়স নিৰ্ণয় কৰিবলৈ 'বুদ্ধিমত্তাৰ পৰীক্ষা' (Intelliegence Test) কিছুমান কৰা হয়। এই পৰীক্ষাবোৰৰ দ্বাৰা শিশু এটাৰ মানসিক বয়স নিৰ্ণয় কৰিব পৰা যায়। অপ্ৰাসংগিক যদিও কৈ থওঁ, বুদ্ধিমত্তাৰ পৰীক্ষাসমূহ আচলতে দেশ-কাল-পাত্ৰ ভেদে সমগ্ৰ পৃথিৱীতে একে নহয়। পৃথিৱীৰ বিভিন্ন দেশে সেয়ে নিজাববীয়াকৈ বুদ্ধিমত্তাৰ পৰীক্ষা বিকাশ কৰি ৰাখিছে। দুখৰ বিষয় সমগ্ৰ ভাৰততে প্ৰযোজ্য হোৱাকৈ এনে ধৰণৰ পৰীক্ষা আজিও নিৰ্মাণ কৰা হোৱা নাই।

স্বাভাৱিক ব্যক্তিৰ ক্ষেত্ৰত IQ-ৰ মান ৯০-১১০-লৈ বুলি ধৰা হৈছে। ৭০-ৰ তলৰ IQ থকা শিশুসকলহে মানসিক মন্থৰতা থকা বুলি কোৱা হয়। IQ-ৰ ওপৰত নিৰ্ভৰ কৰি মানসিক মন্থৰতাক জটিলতাৰ ফালৰপৰা চাৰিটা ভাগত ভগোৱা হৈছে:

Mild - ৫০-৬৯
Moderate – ৩৫ - ৪৯
Severe - ২০ -৩৪
Profound - < ২০

লক্ষ্যণীয় যে ৭০-ৰ ওপৰত কিন্তু ৯০-তকৈ তলৰ IQ-ৰ শিশুসকলক মানসিক মন্থৰ বুলি কোৱা নহয়। তেওঁলোকক borderline mental retardation বুলি কোৱা হয়। সাধাৰণভাৱে slow learner বুলিও কোৱা হয়। ৭০-ৰ ওপৰৰ শিশুসকলক মানসিক ভাৱে মন্থৰ নোহোৱা বুলি কোৱাৰ মূল কাৰণ হ'ল, এওঁলোকক জীৱন যাপনৰ বাবে পাছলৈ আনৰ সহায় নালাগে। অকণমান হীন-দেঢ়ি হ'লেও তেওঁলোকে নিজৰ বুদ্ধি-মত্তাৰেই জীয়াই থাকিবলৈ সক্ষম।

মানসিক মন্থৰতাৰ বহুতো কাৰণ থাকে। অৱশ্যে এক বৃহৎ অংশৰ কোনো কাৰণ বিচাৰি পোৱা নাযায়। কিছুমান শাৰীৰিক প্ৰক্ৰিয়া আৰু ৰোগৰ বাবেও মানসিক মন্থৰতা আহিব পাৰে। থাইৰয়ড গ্ৰন্থিৰ ৰোগ, কিছুমান জন্মগত ৰোগ বা ক্ৰম'জমজনিত ৰোগৰ বাবেও মানসিক মন্থৰতা হ'ব পাৰে। বহুল ভাৱে দেখা এনে ৰোগসমূহৰ ভিতৰত ২১ নং ক্ৰম'জমৰ ত্ৰয়ী থাকিলে হোৱা ‘ডাউন'ছ ছিনড্ৰ'ম’ উল্লেখযোগ্য। জন্মগত মানসিক মন্থৰতা চিনিবৰ বাবে শিশু এটাৰ স্বাভাৱিক বিকাশৰ মাইলৰ খূঁটিবোৰ জানি থোৱাটো আৱশ্যক। এই স্তৰকেইটা অহাত পলম হ'লে মানসিক মন্থৰতা থাকিব পাৰে, সেয়ে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। মানসিক মন্থৰতাৰ কেইটামান কাৰণ সৰুতে জানি চিকিৎসা কৰালে শিশুটিৱে স্বাভাৱিক শিশুৰ দৰেই বিকাশ লভিব পাৰে।

স্বাভাৱিক শিশুৰ বিকাশৰ কেইটামান মাইলৰ খুঁটি:

২ মাহ - মানুহলৈ চাই হাঁহিব পৰা হয়; উবুৰি কৰি দিলে হাতত ভেজা দি মূৰ থিয় কৰি ৰাখিব পাৰে; শব্দৰ ফালে মূৰ ঘূৰাই চাব পাৰে;
৪ মাহ - কলকলাবলৈ আৰম্ভ কৰে; পুতলালৈ হাত মেলিব পৰা হয়; সদায় দেখি থকা মানুহ চিনিব পৰা হয়; নিজে নিজে উবুৰি হ'ব পৰা হয়;
৬ মাহ - চিনাকি-অচিনাকী মানুহৰ পাৰ্থক্য বুজিব পৰা হয়; আ-ই-এ আদি উচ্চাৰণ কৰিব পৰা লগতে ম,ব আদিও উচ্চাৰণ কৰিব পাৰে; নিজৰ নাম বুজি পোৱা হয়; অইন বস্তুলৈ হাত মেলে, লিৰিকি-বিদাৰি চায়; সহায় নোহোৱাকৈ বহিব পাৰে;
৯ মাহ - মা-মা, বা-বা আদি ক'ব পৰা হয়; না-ৰ অৰ্থ বুজি পায়; কুক-ভা খেলিব পৰা হয়; আঁঠু কাঢ়ি ফুৰিব পৰা হয়; ধৰি ধৰি থিয় হ'ব পাৰে;
১২ মাহ - সহজ অনুৰোধ বা আদেশ বুজিব পাৰে; কাপ আদি হাতেৰে ধৰিব পাৰে; নিজে নিজে থিয় দিব পৰা হয়; ধৰি ধৰি খোজ কাঢ়িব পাৰে;

বিকাশৰ মাইলৰ খুঁটিসমূহ নিৰ্দিষ্ট সময়তকৈ দুই-তিনিমাহ পলম হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

জটিল মানসিক মন্থৰতাৰ ক্ষেত্ৰত শাৰীৰিক প্ৰতিবন্ধিতা থাকিব পাৰে। বহুত মানসিক মন্থৰ শিশুৰ ক্ষেত্ৰত মৃগীৰোগ সংলগ্ন হৈ থকা দেখা যায়। কিছুমান মৃগী-ৰোগৰ লক্ষণ সাধাৰণতে দেখা মৃগীৰ দৰে নহ'বও পাৰে। Absence Seizure নামৰ শিশুৰ ক্ষেত্ৰত দেখা এক মৃগী ৰোগত হাত-ভৰিৰ কোনো জোঁকাৰণি নাথাকে, কিন্তু কেই ছেকেণ্ডমানৰ বাবে শিশুটিক স্থবিৰ হৈ একেথৰে চাই থকা দেখা যায়। সেইখিনি সময়ত শিশুটিৱে মাত-বোল নকৰে, বা নুশুনেও। এনে লক্ষণ থাকিলেও চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মানসিক মন্থৰতাৰ লাগত মৃগীৰোগ সংলগ্ন হৈ থাকিলে মৃগীৰ চিকিৎসা লোৱা উচিত, অন্যথা মৃগী ৰোগে মগজুৰ বিকাশৰ মন্থৰতা আৰু বঢ়াই দিয়ে।

চিকিৎসা কৰিব নোৱৰা বিধৰ মানসিক মন্থৰতাৰ বাবে শিশুটিক বিশেষ বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ উপদেশ দিয়া হয়। এনে বিদ্যালয়ত শিশুটিক নিৰ্দিষ্ট শ্ৰেণীত দিয়াৰ সলনি মানসিক বয়স অনুসৰি নিজস্ব শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয়, লগতে দৈনন্দিন জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় কৌশল শিশুটিক শিকোৱাৰ যত্ন কৰা হয়। কিছূমান মানসিক মন্থৰ শিশুৱে আন বিষয়ত বিশেষ ব্যুৎপত্তি দেখুৱায়। তেনে বিষয়বোৰৰ প্ৰতিও এনে বিদ্যালয়ত দৃষ্টি দিয়া হয়।

Upcoming News & Events
  • 28th Annual Conference of Indian Psychiatric Society, Assam State Branch at LGBRIMH, Tezpur on 22nd and 23rd September '2018.

    Follow This Link for details
  • IPS-ASB Newsletter Vol.1 Issue 2 has been released.
    Click here for the Newsletter
  • Newsletter released along with the Mid Term CME, IPS-ASB 2018 at Goalpara, Assam on 5th May' 2018
    Click Here
  • 13th Midterm CME of IPS, Assam State Branch organised by Goalpara Civil Hospital in collaboration with AMSA, Goalpara on 5th May' 2018.
    Click Here
  • Annual Conference of IPS, ASB, Tezpur '2018
Random Clicks from 27th IPS, ASB annual conference '2017, IORA, Kaziranga
© 2018 All Rights Reserved
Assam Psychiatric Society

Designed by COMIT IT Solution